A

{ কপাহী কলিজা } 📝🖊 অতুল চন্দ্ৰ

কপাহী কলিজা তোমাৰ
প্ৰতিটো উশাহ মোৰ ভাল লগা ,
ভালপোৱাৰ হেপাহ।
তোমাৰ বুকুৰ ধপধপনি,
মোৰ বুকুৰ, এচকুৰ হিম চেঁচা ভাঁহি অহা বতাহ ।
তোমাৰ, আচলৰ সুবাসত
উৰে ৰাতি জাগে, মোৰ
ভালপোৱাৰ শিহৰণ অনুভৱৰ ঠিকনা ।
তুমি মোৰ, হৃদয়ৰ এচকুত চুই দিয়া না,
তাৰে কামনাৰে হেপাহেৰে আছোঁ
তোমালৈ বুলি বাট চাই জানা।
তোমাৰ মৰমবোৰ ,মোৰ নিশাৰ বতাহত বিলীন
হ'ব দিয়া, মৰমবোৰ দুহাতেৰে আজুৰি ল'ম।
অবুজ মনে নুবুজে ,কিয়নো
বাৰে বাৰে আহে তোমাৰ সুবাস
মোৰ ভালপোৱাৰ দুবাহুলৈ জানা ।
©atulgogoi