A

//কৃষক//

নাঙলৰ মুঠিতেই ধৰি ,
ককালত কঙালী বান্ধি,
আগুৱাই যাওঁ, কৃষি-কৰ্ম কৰি।
নাম আমাৰ, অসমৰ কৃষক..... ।
সোণোৱালী পথাৰত, সপোন সিঁচি
ভাল পাওঁ আমি।
কৃষকৰ হাহাকাৰ.....
এতিয়ালৈ...বিচৰা নাই কোনো সংস্কাৰ....
অসমৰ অনা অসমীয়াই
কিয় কৰে আমাক অন্যায়...?
ইতিহাস আছে আমাৰো...
দিম নেকি সোঁৱৰাই....?
পথৰুঘাটৰ ৰণ....
যদি হয়, নহ'ব অলপো বন্ধ ...।
হয়,যদি আকৌ এবাৰ ফুলগুৰি ধেৱা...
নহ'ব কাৰোৰে মুখলৈ চোৱা....।

©atulgogoi