M

ক্ষণিকৰ অনুৰাগ

বিষন্নতাৰ বৰষুণজাকে ধোৱাই নিব খোজা
তুমি নামৰ শব্দটিৰ মধুৰতা!
সোণসেৰীয়া মিলনৰ সন্ধিক্ষণ
হৈ পৰে এতিয়া মাথো সোঁৱৰণি।।
ব্যস্ততাই ব্যস্ত কৰি তোলে সকলোকে।
সৌ সিদিনাৰ বাউলীজনী!!
আজিও চোন সজল।
মাৰি নিব খোজে নৃশংসতাই,
অবজ্ঞাৰ শেষ বতাহজাক
এতিয়াও যেন দেহত ম্রিয়মান।।
©mousumi