আই !বৰ মনত পৰিছে তোলৈ অ'
চাওতে চাওতে বছৰেই হ'ল,
তই আমাক এৰি যোৱা।
মনত পৰা নাই নে তোৰ আমাৰ লৈ?
তোৰ সোণ ৰূপলৈ?
কেনেকৈ আছো এবাৰ চাবলৈ?
মোৰ কেতিয়াবা তোলৈ বৰকৈ মনত পৰে অ' আই
তেতিয়া কি কৰো জাননে অাই,
আকাশৰ তৰা আৰু জোনটিলৈ চাওঁ,
কিজানি তোৰ ঠিকনাটি পাওঁ।
তোৰ অবিহনে বাস্তব জীৱন বৰ কঠিন আই
দূখ বোৰ যেন আতৰি নাযায়।
তোক হেৰুৱাৰ বেদনাই মোক
খুলি খুলি খাই।
তথাপি মোৰ বেদনা কেতিয়াও প্ৰকাশ নকৰো আই,
কিজানি পিতাই মনতে দূখেই পাই।
মোক বৰ আমনি কৰে অ',
তোৰ স্মৃতি বোৰে আই
আকৌ মন যায়
তোক মোৰ মাতৃ হিচাপে পাবলৈ
তোৰ কোলাত শুৱলৈ
তোৰ সোণ পোনাটি হৈ।।
- ঈশান বৰা
©emonbora
E