A

ক'ত হেৰাল অসীম সুখ আমাৰ..!(২)

হাই," এই যে আমি হাঁহি থাকোঁ
হৃদয়ত লুকাই আছে হয়তো
এক অজান হাহাকাৰ
তথাপি....!
তথাপি সঁচা কিম্বা মিছা হলেও
ক'বই লাগে যেন,"আছোঁ বৰ বিন্দাছ।"
জীৱনৰ সৰ্পিল বাটত খোঁজ
ৰঙীন সপোন লৈ.....
এটি সোণোৱালী জীৱনৰ সন্ধান দুচকুত!
ব্যস্ততাৰ চাকনৈয়াত পৰি
বাস্তৱৰ মকৰাজালত বেৰি
সিঁচৰিত আমি দেশৰ প্ৰান্তে প্ৰান্তে আজি,
কোনোবাই কঢ়িয়াইছে...
দায়িত্বৰ এক গধূৰ বোজা
কোনোবাই যুদ্ধ কৰিছে আজিও
পিতৃ মাতৃৰ সপোন বাস্তবায়িত কৰাৰ
কোনোবাই আজ্ঞাবহ নাৰী এতিয়া
সংসাৰ ৰমণী....
কোনোবাই কৰিছে জীৱন সংঘাত
বহু সংগ্ৰামে চকুলো টুকিছে
হেথেলিত ব্যৰ্থতাত।
তেতিয়াই যেন ভাল আছিল...
ক'ত হেৰাল অসীম সুখ আমাৰ!
চৌদিশে যেন ব্যস্ততা আৰু কৃত্ৰিমতা।
বুকপকেটত অজস্ৰ স্মৃতিৰ হাহাকাৰ
হৃদয়ত হাঁহি কান্দোনৰ সমাহাৰ,
ক'ত হেৰাল অসীম সুখ আমাৰ।
আৰম্ভণিতেই জনগণ....
নাইবা অ মোৰ আপোনাৰ দেশ
ৰোল ওয়ান ৰোল টু ৰোল থ্ৰি....।
ক্লাছ ফাকি অথবা লাষ্ট বেঞ্চত সাধা মাৰা,
লুকাই লুকাই টিফিন খোৱা,
খেল-ধেমালি স্কুল পলোৱা,
সৰস্বতী পূজা আৰু সাংস্কৃতিক সন্ধিয়া!
চকু চকুৰে প্ৰেমালাপন মিছাতেই কাজিয়া,
অফিচলৈ বিচাৰ আৰু নানাধৰণে শাস্তি উপভোগা,
একেটাই বিৰক্তিকৰ ড্ৰেছ
বন্ধ মানেই আমি স্বাধীন বেশ,
ছাৰ মেমক বিভিন্ন নাম দিয়া,
পৰীক্ষা ৰিজাল্টৰ চিন্তা..!
বিদায় মিটিং মানেই অশ্ৰুশিক্ত নয়ন
বন্ধন ছিঙাৰ কান্দোন,
কলেজ পোৱাৰ আনন্দ জীৱন জীয়াৰ সপোন,
কলেজ হোষ্টেলৰ হুল্লোৰ
কেন্টিনৰ শুকান পৰঠা ফিকা একাপ চাহ
বাৰিষাত গৰম পকৰা ছিঙৰা,
ওফ...!
ক্লাছৰ কি যে মাদকতা !
ক'ত হেৰাল অসীম সুখ আমাৰ!
আজি আমি মুক্ত তথাপি যেন স্তব্ধ,
এটি আৱেগে হেঁচুকি ধৰে বুকুখন।
পিন্ধিবলৈ মন যায় আকৌ
আমনিদায়ক সেই পোছাকযোৰ,
চৌদিশে ব্যস্ততাৰে ভৰি পৰিছে আজিৰ জীৱন।
হাজিৰা বহীখনত আজিওঁ থূপ খাই আছে
আমাৰ সম্পৰ্কিত এনাজৰীৰ বন্ধন,
ক'ত নো বিলীন হ'ল সেই বন্ধুবৰ্গ!
মন যায় দিনবোৰ আকৌ ঘুৰাই আনোগৈ
কিন্তু সেইবোৰ যে আজি মাথোঁ স্মৃতিমালা!
চৌদিশে কৃত্ৰিমতা স্বাৰ্থতা ব্যস্ততা
ভিৰৰ মাজতো লাগে নিজকে অকলশৰীয়া,
ক'ত হেৰাল অসীম সুখ আমাৰ!!
কেতিয়াবা নিৰিবিলি সন্ধিয়া...
আদ্যপান্তলৈ মনত পেলাই
এটি অন্তহীন বিন্দুলৈ চাই
বহি ক'বলৈ মন যায়
মোৰ শৈশৱ ঘূৰাই দিয়া
মোক এটি শৈশৱৰ নিশা দিয়া
আইৰ আঁচলৰ পৰশে
সুখ-সমৃদ্ধত ক্ষন্তেক জিৰাবলৈ
ত্ৰাসহীন নিদ্রাত যাম
কৃত্রিমতাৰ আঁতৰত
আইৰ কোলাত শুবলৈ
মোক এটি শৈশৱৰ নিশা দিয়া
ক'ত হেৰাল অসীম সুখ আমাৰ..!
🖋️আব্দুল মজিদ
নলবাৰী
©AbdulMazid