A

//লগৰী//

🖊অতুল চন্দ্ৰ গগৈ ।
মই তোমাৰ দুখৰো লগৰী,
সুখৰো লগৰী।
মৰমবোৰ ঢালি দিলোঁ সেয়ে উজাৰি ।
ৰাখিব বিচাৰোঁ তোমাক
মৰমৰ এনাজৰীৰে ধৰি।
সপোনবোৰ সজাইছো
মাথো তোমাৰ নামত।
তুমি তুমি বুলি মই
ৰাতিবোৰ থাকো উজাগৰী ।
দিনবোৰ বাগৰে, তোমাক কাষত
মোৰ মনে সদায়ে বিচাৰে।
তুমি মোৰ প্ৰতিটো
পল-অনুপলৰ লগৰী।
তুমি মোৰ প্ৰতিটো
উশাহ আৰু নিশাহৰ লগৰী।
সচাকৈয়ে ওৰে জীৱন থাকিবানে,
হৈ ,মোৰ জীৱনৰ লগৰী......।
©atulgogoi