A

// লিখি ৰখা নহ'ল//

🖊 অতুল চন্দ্ৰ গগৈ ।
জীৱন দৌৰিছে, মাথোঁ দৌৰিছে ।
লিখি ৰখা নহ'ল তোমালৈ থকা মৰমবোৰ ।
আঁকিছিলো তোমাৰেই ছবি গোপনে।
কিন্তূ দিয়া নহ'ল তোমাক ।
মনে মনে তোমালৈ বুলি লিখা চিঠিখন
থাকিয়ে গ'ল।
তুমি কিন্তূ মোৰ গোপন প্ৰেমৰ কথা নুবুজিলা ।
বসন্তৰ কপৌ ফুলৰ মুল্য কিমান
বুজিছিলা জানো তুমি ?
সযতনে, ৰাখিছিলো দুহাতেৰে ধৰি ।
হাততেই মৰহি গ'ল....।
ক'ত বসন্ত বাগৰি গ'ল....।
আজিও মনত, তোমালৈ থকা মৰম আৰু হেপাহবোৰ স্মৃতি হৈয়ে ৰ'ল....।
©atulgogoi