লক্ষ্যহীন মোৰ যাযাবৰ মন ।
বিশাল, সাগৰৰ প্ৰবাল সোঁতত
এৰি দিছোঁ, মোৰ নিমিষতে জ্বলি মৰা
উদাস উদাস লগা আলসুৱা জীৱন ।
কেতিয়াবা মন হয় হতাশ ,
কেতিয়াবা, উল্লাস ।
কেতিয়াবা খং ,
নাথাকে, তেতিয়া জীয়াই থকাৰ ধং ।
যাযাবৰৰ, জীৱন যান্তণা ।
যিহেতু, নাথাকে, কোনো লক্ষ্যৰ ঠিকনা,
যতে ৰাতি ততে কাটি ।
নাথাকে কোনো, মান অভিমান অহংকাৰী ভাৱ।
ৰঙীন ৰঙৰ খনি যতেই পাইছে
ততে বিলাইছে,
লক্ষ্যহীন, যাযাবৰ, আৰু কিমান দিন??
মনে নামানে আৰু!!!
©atulgogoi
A