S

মা

মা অ', অ' মা শুনিছানে,
জানানে মোৰ কিমান কষ্ট হৈছে
তুমি বিহীন এটি জীৱন কটাবলৈ।
বুজিছানে মা মই মোৰ অন্তৰত
কিমান দুখ পাইছো।
তুমি জানানে দেউতাই
মোক মৰম কৰিব বুলি
নতুন মা এজনী আনিছে
কিন্তু জানানে,নতুন মায়ে মোক
কিমান হীন চকুৰে চায়
তেওঁ তোমাৰ নিচিনা নহয় অ' মা।
নোৱাৰিছো আৰু মই থাকিবলৈ মা
নোৱাৰিছো তুমি বিহীন
এটি জীৱন কটাবলৈ।
মা অ' ___ অাজি তোমালৈ বৰকৈ
মনত পৰিছে অ' মা___।
ঘূৰি আহাঁ না অ' মা।
©simanta