মা, উঠি যোৱা না এবাৰ
মই কিমান ভূল কৰিলো,
তুমি কিমান ক্ষমা কৰি দিলা।
চোৱা মা, মই কাণত ধৰিছো
আৰু কেতিয়াওঁ ভুল নকৰোঁ,
তোমাৰ সকলো কথাই শুনিম ও মা
এবাৰ উঠি যোৱা ও মা।
মা, চোৱাচোন চোৱা
এবাৰ আমাৰ চোতালখন চোৱা,
মানুহ ভৰি পৰিছে ও মা
সেই মানুহবোৰৰ কথা শুনিছানে?
সিদিনা যে তোমাৰ পিছফালে
তোমাৰ দূৰ্নাম গাই আছিল,
সেই মানুহবিলাকেই দেখোন
অাজি তোমাৰ গুণ গাইছে ও মা
এই মানুহবোৰ কি আচৰিত ন' মা।
মা, উঠি যোৱা না এবাৰ ও মা।
© সীমান্ত ৰায়।
©simanta
S