A

{ মানৱতা } 🖊 অতুল চন্দ্ৰ গগৈ ।

মানৱতা আজি কোন বাটে?ভাল বা বেয়া?
পথৰ দাঁতিত নিশা এদিন গৈ চাওঁক আপুনি।
নহ'লে মাজনিশা বাছেৰে গৈ চাব দিয়ক
অকলশৰে আপোনাৰ কন্যাক ।
বাটৰ অসহায় চকুৰে নেদেখা জনক সুধি চাওঁক।
সকলো শেষ ।
দেহ আৰু মগজুৰ আধা অংশহে আছে বাচি ।
মুখেৰে অশ্লীল শব্দ, হাতত চিগাৰেট,
আন্ধাৰৰ আছুতীয়াত মদৰ বটল থাকে ধৰি।
ৰাতিৰ আন্ধাৰত সুবিধা ল'ব বিচাৰে,
অভদ্ৰ এচাম, এইখন অসমৰে জ্ঞানী মানুহে।
আপুনি অভদ্ৰ আচৰন কৰা,
সেই ছোৱালী জনী আপোনাৰ যদি হ'লহেতেন?
অকলশৰে বাছত নিশা আপোনাৰ যদি ছোৱালী
গ'লহেতেন?
আপোনাৰ ঠাইত, আপোনাৰ ল'ৰাই যদি
হাতত চিগাৰেট, মদৰ বটল ,অশ্লীল শব্দ
ব্যবহাৰ কৰিলে হয়! কেনে লাগিব বাৰু?
মানসিকতা সলাই মানৱতাক সহাৰি দিয়া ।
©atulgogoi