: হাই," তোমাৰ পৰিচয়?
: মানু্হ...!
: মানু্হ দূৰৰ পৰা খুবেই নিখুঁত
ওচৰৰ পৰা যেন অসংখ্য অপূৰ্ণতাময়।
মানুহ কেৱল
মানু্হৰ ভাৱনাৰ ৰং তুলিকাৰে অঙ্কিত
এটি পূৰ্ণাংগ নিখুঁত চিত্ৰ।
: শুনিছোঁ,"শেষ বুলিলেই সকলো শেষ!"
আকৌ শেষ মানেই হেনো নতুনকৈ আৰম্ভ।
সেয়া বাৰু নিজস্ব সংজ্ঞা মানুহৰ....,
কিন্তু তুমি মই আমি এদিন সকলোৱে
পৃথিৱৰ বুকুত হেৰাই যাম
তেতিয়াৰ শেষ নাম শেষ পৰিচয় কি মানুহৰ?
: নাম স্বৰ্গীয় পৰিচয় মৃতদেহ।
: এই যে অৰ্থ আভিজাত্য ৰূপৰ অহংকাৰ
সকলো এদিন শেষ হ'ব!
শেষ বস্ত্র,শেষ ৰূপ,শেষ ইচ্ছা,শেষ কৰ্ম
আৰু শেষ ভুল আছে হেনো মানুহৰ...!
: নিশ্চয়,"বগা কাপোৰ শেষ বস্ত্র,
বিদায় বেলাত সাজোন-কাচোন শেষ ৰূপ,
সকলো এৰি যোৱা শেষ কৰ্ম,
প্ৰিয়জনৰ লগত থকাটো শেষ ইচ্ছা ,
আৰু শেষ ভুল চকুপানী।
: এই যে আমি কথা পতিছো
আৰু নহ'ব পাৰে দেখা,
জীয়াই থাকিবলৈ কতো অভিনয়...
অভিযোগ লুকাই কৰিছোঁ অভিমান হেজাৰ
উচ্চ-শিখৰ পাবলৈ পাহাৰ বগোৱাইছো
খেলিছো নৱ খেল,
কতো যন্ত্ৰণা সহি বুকুত কৰিছোঁ সন্ধান সুখৰ
সহস্ৰ যতন কৰিলোঁ এটি ঠিকনা গঢ়াৰ।
: হয়,'মানুহৰ শেষ কথাটো," আৰু সময় নাই"
শেষ দেখা," সকলো প্ৰিয়জন "
শেষ অভিনয়," মৃত্যুক মানি লোৱা "
শেষ অভিযোগ," কিয় জনম ললোঁ "
শেষ অভিমান," আৰু নহ'ল "
শেষ খেল," মৃত্যুৰ ওচৰত পৰাজয় "
শেষ যন্ত্ৰণা," উশাহ লোৱাত কষ্ট "
শেষ বাক্য," ধৰ্মীয় বাণী "
শেষ সুখ," চিৰ নিদ্ৰা "
সকলো শেষত শ্মশান,কবৰস্থানেই
মানুহৰ শেষ ঠিকনা।"
🖋️ আব্দুল মজিদ
নলবাৰী
©
©AbdulMazid
©abdulmazid
A