A

মায়া তৰোৱাল

মায়া তৰোৱাল

মোৰ কি দোষ আছিল কোৱানা !

কি অপৰাধত অপৰাধী হৈ

আজি দোষী সাৱ্যস্ত মই?

তোমাৰ বাবেই পৰিয়ালৰ বিৰুদ্ধে গৈ

সংগ্ৰাম কৰিলোঁ মই

নিজৰ সুখ বিসৰ্জন দি

স্বাৰ্থহীন ভাৱে তোমাক ভালপাই

পাব খুঁজিলো তোমাক একান্ত আপোনকৈ

কিন্তু ভুলটো মোৰ তাতেই হ'ল জানা

বুজি নাপালোঁ তোমাৰ মোহ-মায়া

ঢুকি নাপালোঁ তোমাৰ হৃদয় গহ্বৰত

আমাৰ কাহিনী শেষ হোৱাৰ আগতেই

আৰম্ভ হ'ল প্ৰতাৰণাৰ এটি নতুন অধ্যায়

য'ত মায়া তৰোৱালেৰে মোৰ বুকুত

ঘপিয়াই ঘপিয়াই মোক হত্যা কৰি

তুমি সাজিলা নিখুঁত খুনি

আৰু মই

মই তোমালৈ ৰচা হেজাৰ সপোন

এটি সুখৰ সংসাৰ...

আজীৱন তোমাক চোৱাৰ তীব্ৰ তৃষ্ণা বুকুত লৈ

যাবজ্জীৱন কাৰাদণ্ডত দণ্ডিত হৈ

আজি প্ৰেম কয়েদী !

তোমাৰ মায়াত বেৰি যি অপৰাধী মই সাজিলোঁ

এতিয়া ইচ্ছা কৰিলেও

উৰিব নোৱাৰো মই মুক্ত পক্ষীৰ দৰে

বহু চেষ্টা কৰি...

আজিও নাপালোঁ মুক্তিৰ জাননী

কতো নাই জামিনৰ ব্যৱস্থা

আছে কেৱল তোমাৰ

স্মৃতিৰ কোমল শিকলি

আৰু অনুভূতিৰ এক কঠিন প্ৰাচীৰ ।।

🖋️ আব্দুল মজিদ

নলবাৰী

01/12/2025