মই ধৰ্ষিতাই কৈছো
হয় ঠিকেই শুনিছে
মই এগৰাকী ধৰ্ষিতাই কৈছো...
আপোনাৰ চাগে শুনিয়েই ঘৃণা উপজিছে...
উপজিবৰে কথা..
মই যে ধৰ্ষিতা....
কোনোবাই touch কৰিলেও হাৰ্ট হোৱা
চুটি কাপোৰ পিন্ধিবলৈ লাজ কৰা
মই লাজুকীলতা আছিলো...
তাৰপিছতো সেইদিনা বৈ যোৱা তেজৰ নৈখন
মই চিঞৰি ৰখাব পৰা নাছিলো...
সিহত কামনাপিপাসু নপুংসক আছিল
সিহতৰ নখৰ আচোৰত
চিৰাচিৰ হোৱা দেহটোৰ
ভাৰ বৰ গধুৰ আছিল অ'..
তথাপিওচোন সিহতৰ পাপৰ বোজাৰ
মইহে বহনকাৰী হলো...
এসময়ত মাৰ চকুৰ মণি আছিলো
দেউতাৰ আদৰৰ জী...
বাৰ মৰমৰ ভনী
ভাইটিৰ ঠেহুলি মাতাজী...
আৰু আজি চকুৰ কুটা বাটৰ হুল ...
কোঠাৰ অন্ধকাৰবোৰে বেৰি ধৰে
বাহিৰৰ মুক্ত আকাশৰ তলত মোৰ দৰ-দাম চলে...
"দহ লাখ টকা দিম মোৰ ছোৱালীক বিয়া পাতক"
আপোন মা-দেউতাই advertise দিয়ে...
তেওঁলোকে মোৰ পৰিচয় দিৱলৈ লাজ কৰে...
এক অদৃশ্য আৱৰণেৰে মোক ঢাকিব বিচাৰে...
ধুৰ চাল্লা জীৱন
তাতকৈ মৃত্যুয়ে শ্ৰেয় আছিল..
ঘুণে ধৰা সম্পৰ্কবোৰৰ আহ-যাহ বন্ধ
মই যে ধৰ্ষিতা
মোৰ সংস্পৰ্শ সেয়ে অপৱিত্ৰ...
justice ৰ ধামখুমীয়াত হেজ টেগ লগায়
কাৰ বাবে ন্যায় বিচাৰিলে?
সিহতবোৰেটো মুক্তিৰ অট্টহাস্য কৰিছে
মইহে বন্ধ কুঠৰীত আৱদ্ধ...
শুধিবলৈ কোনো নাই
পাপ নে পাপী মই?
জীৱন জীয়াৰ নে মৃত্যু নোহোৱাৰ দায়ী?
উত্তৰবিহীন প্ৰশ্ন বিচাৰি
মই ধৰ্ষিতাই কৈছো আজি....
✍️ভনীতা শৰ্মা
নলবাৰী
©bhanita
B