🖊অতুল চন্দ্ৰ গগৈ ।
মই মুক্ত আকাশৰ নীলা চৰাই ।
মোৰ বাবে আকাশ-বতাহেই প্ৰিয় ।
মই মুক্ত মনে ,আপোন বনত উৰি ফুঁৰো ।
গছৰ ডালত পৰি প্ৰকৃতিৰ বিনন্দীয়া
পৰিবেশত থিতাপি লওঁ।
গছ-লতা, হাবি-বননি নদ-নদী,
পাহাৰ-ভৈয়াম, ধুনীয়া ধৰনী মোৰ প্ৰিয় ।
মোক এই পৃথিৱীত, আপোনাৰ দৰে
ক্ষন্তেক জিৰণি লবলৈ দিয়ক।
মোক নামাৰিব!
মোক গছৰ ডালত দেখিলেই নেখেদিব!
আপোনাৰ মুখৰ তৃপ্তিৰ ভোজনত মোক
নাৰাখিব! মোৰ আপোনাৰ দৰে সৰু সৰু
দুটি বুলবুলি চৰাই আছে ।
কাবৌ কৰিছোঁ আপোনালোকক
মই মুক্ত, প্ৰকৃতিৰ গুণাগুণৰ বিনন্দীয়া অবদান ।
মোক মুক্ত মনে উৰিব দিয়ক ।
©atulgogoi
A