A

মই সলনি হলোঁ নেকি

মই সলনি হলোঁ নেকি
মই কোন?
নিৰক্ষৰ মানু্হ এজনৰ আগত
যদি বিশ্ব বিখ্যাত পুথিখনো পৰি থাকে,
তেওঁৰ যেনেকৈ একো আহে-নাযায়
যেন মই ঠিক তেনেকৈ এতিয়া
মোৰ বাবেই এক বীজগণিতৰ জটিল সূত্ৰ!
সময়ৰ চক্ৰবেহুত নে পৰিস্থিতিৰ
কবলত পৰিলোঁ?
নে মানুহবোৰে মোক বাধ্য কৰালে
সলনি হ'বলৈ!
মই সলনি হলোঁ নেকি?

এজাক অচিনাকী কুঁৱলীৰ মাজত
মোৰ প্ৰকৃত পৰিচয় যেন হেৰাই গ'ল,
দাপোনৰ সিপাৰে চিনাকী মুখখন
যেন একেই আছে
তথাপি দেখিছোঁ অচিনাকী মুখৰ হেজাৰটা ভাঁজ
মই জানো সঁচাকৈ মই?
নে পিন্ধি আছোঁ আন কাৰোবাৰ সাজ?
মই সলনি হলোঁ নেকি?

মই মোৰ আগৰ সেই হাঁহি বিচাৰি ফুৰোঁ
এতিয়া বিচাৰি পাওঁ কেৱল কৃত্ৰিমতাৰ ছাপ !
বিশ্বাসৰ ঠাইত সন্দেহ বিৰাজমান
আৱেগৰ ঠাইত অভ্যাস,
হৃদয়ে কৰা মস্তিষ্কৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে
মোৰ মস্তিষ্কই এতিয়া মোৰ হৃদয়ক নিয়ন্ত্ৰণ কৰে ।
মই সলনি হলোঁ নেকি?

সপোনবোৰ এতিয়া সৰু সৰু প্ৰশ্নচিহ্ন ,
যেন উত্তৰবিহীন নিৰৱতাত ডুবিলো
ক'বলৈ বহুত থাকে
কিন্তু কোৱাৰ শক্তি হেৰাই গ'ল
শব্দবোৰেও বাট হেৰুৱাই ভাগৰি পৰিল
এটাই মাথোঁ উত্তৰ এতিয়া ' হুম ' বুলি
মই সলনি হলোঁ নেকি?

বিশ্বাসৰ পাতত লেখা নামবোৰ
বতাহত উৰি বিলীন হ'ল
আপোন বুলি ভাবো যাক
তেওঁয়েই পৰিচিত অচিনাকী
মই সলনি হলোঁ নেকি?

বোধহয় মই সলনি হোৱা নাই
কেৱল নীৰৱ হ'বলৈ শিকিছোঁ
অধিক ক'ব নোখোজো এতিয়া
হয়তো সকলো সহিব পৰা হলোঁ
' হুম ' বুলিয়েই ইতি কথাত
মৌন আৰু নীৰৱতাই যেন মোৰ প্ৰিয়
মই সলনি হলোঁ নেকি?

দাপোনত লাগি থকা দাগবোৰ মচি দিলে
মইয়েই যেন মোৰ বাবে
পৃথিৱীত আটাইতকৈ আপোন ঠিকনা
তথাপি প্ৰশ্ন জাগে, হ'লেও অবান্তৰ
মই সলনি হলোঁ নেকি?

🖋️ আব্দুল মজিদ,নলবাৰী
১০/০১/২০২৬