M

মিলন

অৱকাশ বিচৰা সন্ধ্যাটিত যেন
আশাৰ বোল,
কিছু ধনাত্মক আবিৰ।
শেষ হৈ যোৱাৰ আকাংক্ষা আছিল।
বৰদলৈচিলাজাকে মাৰি যে নিছিল
ভালপোৱাৰ পথাৰখনৰ সেউজীয়া শইচ!
সময় যেন সলনি হোৱাৰ পথত,
নকৈ পোখা মেলিছে শইচবোৰে।
শীতল আবেলিৰ এটি নতুন মিচিকনি।
©mousumi