A

ম'ম

ম'ম
অতুল ।
বিষাদৰ আন্ধাৰ কোঠালীটো
ম'ম তই পোহৰাও কিয়?
ম'ম তই নিজেই
জ্বলি জ্বলি শেষ হোৱাৰ দৰে ,
মোক জ্বলি জ্বলি শেষ হ'ব
নিদিয় কিয়?
তই জ্বলিছ জ্বল ,
আনক পোহৰাই,
মোৰ বিষাদবোৰ পোহৰাই নিদিবি,
জ্বলিব লাগিলে,
গোটেই, হৃদয় হ'ব ছাই।
তেতিয়া নাথাকিব যে মোৰ
জীয়াই থকাৰ ঠাই ।
©atulgogoi