A

{ মনিকাঞ্চন }.....🖋 অতুল গগৈ ।

মনিকাঞ্চন ঘুৰাই দিয়া ...
তোমাৰ বুকুত ,সযতনে ৰাখি থোৱা
মোৰ উতপ্ত কলিজাৰ
কেঁচা কেঁচা মৰমবোৰ ।

ঘুৰাই দিয়া আজি
মোৰ মৰমবোৰ
তোমাৰ দুহাতেৰে
মোৰ দুবাহুত ছটিয়াই
এজাক বৰষুণৰ দৰে ।
সুৰযৰ হেঙুলীয়া আবেলিত
মৰম যাচি প্ৰান মতলীয়া কৰা
মোৰ মৰমবোৰ ঘুৰাই দিয়া
তোমাৰ দুবাহুৰ সৰ্বোচ্চ উজাৰি।
মনিকাঞ্চন আজি মোৰ হৃদয়
প্ৰেমৰ বিষাদ ভৰ বাৰিষাৰ বোৱতী নৈ।
তুমি যদি নোৱাৰা মোৰ কোমল মৰমবোৰ
সযতনে ঘুৰাই দিবলৈ
তেনেহ'লে মনিকাঞ্চন
তুমি মোৰ মনৰ প্ৰেমৰ বাৰিষাত
দুহাত মেলি, মৰমবোৰ উতুৱাই দিয়া ।






©atulgogoi