H

মোক নুসুধিবা,মই কেনেকৈ জীয়াই আছোঁ

মোক নুসুধিবা,মই কেনেকৈ জীয়াই আছোঁ!
ৰুদ্ধ দুৱাৰত তলা লগালেসকলোৱে সোধে কি হ'ল ?হৃদয়ৰ গভীৰত যে কিমান আঘাটৰ নিনাদ কোনে জানে ? কিমান চকুলোৰ সাক্ষী দুই নয়ন?
কিমান উন্মাদ পৰ কটাইছোঁ নিৰ্বাক-নিস্পন্দ হৈ,
কিমান বোজা পিঠিত কঢ়িয়াইছোঁ হিচাপ কাৰ হাতত? বুকুৰ বেথাবোৰ কিদৰে হৃদয়ত ৰাখিছোঁ কোনে সুধিছে? তিলতিলকৈ মৰা জীয়া সপোনৰ কলিবোৰ কোনে মোহাৰিছিল কোনোবাই সুধিছেনে ?তথাপিটো জীয়াই আছোঁ,আপুনি জীয়াই আছে,অনীদ্ৰা কটাই দুৰ্ভিক্ষৰ জ্বালা লৈ ফুটপাথৰ লোকবোৰে চকু টিপ নমৰাকৈ জীয়াই আছে। সংশয় আৰু সম্ভাৱনাৰে চকু মেলি সমুখৰ মানুহবোৰে আশাৰ মোহত দৌৰি আগুৱাই গৈ আছে। মৃত্যুৰ ক্ষণ গণিও অনাগত ভৱিষ্যতৰ পথত অগ্ৰসৰ হৈছে।নিৰূপায় হৈও সমস্যাৰ সমাধানৰ সন্ধান কৰি আগবাঢ়িছে,নুসুধিবা তেওঁলোক কেনেকৈ জীয়াই আছে,নুসুধিবা ,মই কেনেকৈ জীয়াই আছোঁ !
©Hillol 123