A

মোৰ আই

মোৰ আই....
আকাশৰ দৰে বিশাল বক্ষ যাৰ সাগৰৰ দৰেই গভীৰ
অৰ্হতা,উপাধিত সকলোতেই উচ্চস্থান
মনটো আইৰ অসীম পৰিধিৰ।
গুণৰ নাই তুলনা যাৰ মহত্ব অপাৰ
কিদৰে গাও আইৰ গৰিমা অনুভৱ কৰোঁ প্ৰকাশ!
চকু মেলাৰ আগতেই আছিলোঁ ভ্ৰূণ অৱস্থাত
তেতিয়াৰ পৰাই আই মোলৈ শক্তিশালী ৰক্ষক।
মোৰ আই....
মোৰ থুনুক-থানাক মাতৰ পৰাই শিক্ষয়িত্ৰী মহৎ
এখোজ দুখোজ খোজত আছিল সাহসৰ প্ৰতীক,
বাৰেপতি উজুটিত আগুৱাই নিয়াত
আই মোলৈ আজিও শ্ৰেষ্ঠ সৈনিক।
মোৰ আই....
অসুস্থতাৰ উমান পালেই হয় শুশ্ৰূষাকাৰিনী ,
পটী কিম্বা পেৰাচিটামল দি হ'লেও সাজে আই
সামৰ্থানুযায়ী চিকিৎসাবিদ।
মোৰ আই নিজৰ পেটত বান্ধি পাথৰ
মোৰ পিছে পিছে দৌৰি ফুৰে
মোৰ দুশ্চিন্তাত মগ্ন হৈ খুৱাবলৈ হয় কাতৰ ।
মোৰ আই কতো যে প্ৰতাৰিত হৈছে!
বহুবাৰ মিছলীয়া হৈও...
মোৰ দোষবোৰ গাত লৈ দেউতাৰ আগত
পাকৈত অভিনেত্ৰী সাজে,
আটোম-টোকাৰি ঘৰখন নিয়াৰিকৈ সজালে আই
যেন পূৰ্ণ অভিযন্তাৰূপে।
মোৰ আই নাজানে বৰ্তমানৰ নানা ৰন্ধনবিধি
'Radisson Blu' কিম্বা 'Hotel Taj'ত বহিওঁ
বিচাৰি পোৱা নাযাব কদাপি
আইৰ হাতৰ পিটিকাৰ সেই জুতি।
মোৰ আইলৈ মোৰ সমস্ত সত্তা উজাৰ কৰি
অৰ্থ-প্ৰাচুৰ্য্যতা কিম্বা জীৱন সমৰ্পণ কৰি হ'লেও
পৰিশোধ নহ'ব কেতিয়াও মোৰ আইৰ দুগ্ধ ঋণ।
🖋️আব্দুল মজিদ
নলবাৰী
©abdulmazid