মোৰ সপোনৰ মায়াৱতী
কোনোবাই মোৰ হৃদয় দুৱাৰত থিয় দি
নিঃশব্দে চকুত চকু পেলাই ক'ব খুঁজে
'মই আছোঁ, তুমি আৰু অকলশৰীয়া নহয়!
মই যেন মোৰ সপোনৰ মাজত
দিঠকৰ মাদকতা বিচাৰি পাওঁ
তাই মোৰ সপোনবোৰত আবিৰ সানি
মোক আপোন কৰিবলৈ যেন
এক মৃদু জোনাকৰ বতৰা কঢ়িয়াই লৈ ফুৰিছে
আৰু মই.....
ময়ো যেন মোৰ সপোনৰ মায়াৱতীক
দিঠকত বিচাৰি পাইছোঁ।
তাই মোৰ অৱহেলিত দিনবোৰত
আদৰ হৈ নামি আহিব খোঁজে
তাইৰ সংস্পর্শত মোৰ ভগ্ন হৃদয়খন
আকৌ এবাৰ জীপাল হ'বলৈ বিচাৰে
মইয়ো তাইক লৈ নকৈ আশাৰ বীজ ছটিয়াই
সপোন ৰচিবলৈ আৰম্ভিছোঁ
সৰু সৰু আশা, গভীৰ বিশ্বাস লৈ।
তাই যেন অচিনাকী হৈয়ো বহু যুগৰ আপোন মোৰ
চিৰ চিনাকি হৃদয়ৰ...!
জানো....
ভৱিষ্যতৰ পথখন মোৰ স্পষ্ট নহয়
তথাপিও তাইক লৈ একেলগে খোজ দিয়াৰ
দুৰ্বাৰ হেঁপাহ জন্মিছে বুকুত
ভয়ৰ মাজতো ভৰষাৰ পোহৰ যেন দীপ্তিমান
জীয়াই থাকিবলৈ তাইয়েই যেন হ'ব মোৰ সাহস!
তাইয়েই যেন মোৰ সপোনৰ সেই মায়াৱতী।
তাই যদি কেতিয়াবা হয় কুলসিতা
মই দিম তাইক পূৰ্ণ মৰ্যাদা...
তাই যদি হয় অবলা মই দিম নিৰাপত্তা ।
ৰছী হীন বহুবাৰ লৈছোঁ মই ফাঁচী
বিচ্ছেদৰ যন্ত্ৰণাত বহুবাৰ হৈছোঁ আত্মহনন
তাইলৈ নাৰাখোঁ কোনো প্ৰশ্ন দুনাই
দিব খোঁজো সন্মান
সকলো প্ৰশ্নৰ উৰ্দ্ধত তাইয়েই হ'ব মোৰ অৰ্ধাঙ্গিনী
তাই মোৰ সপোনৰ মায়াৱতী।।
🖋️ আব্দুল মজিদ,নলবাৰী
০৬/০২/২০২৬