মৃত্যু
🖋 অতুল গগৈ
মৰণৰ কিৰিলি যুঁজ
খিৰিকীৰ ফাকেৰে ভাঁহে ,
যাত্ৰী পথৰ অন্তিম খোজত পৰি।
মৃত্যুৰ দুৱাৰদলিত
যমৰাজৰ দপদপনি....
আপোনাৰ মৃত্যু শয্যা দেখি।
মৃত্যুক দেখা নাই,
লগ দিয়াৰ ইচ্ছা নাই ,
মৃত্যুক চকুৰ আগত দেখি
দুখত ভাগি পৰাৰ কাৰণ নাই।
মৃত্যু এক বিষাদভৰা স্বপ্ন,
আৰু এক চিৰন্তন সত্য ।
মৃত্যু আপোনাৰ আৰু মোৰ বাবে
অকালতে সংঙ্গী হ'ব পাৰে ।
কিন্তূ ভাগ্য হে আপোনাৰ সুকীয়া
মৃত্যু পথৰ বাবে ।
©atulgogoi
A