A

ময়ো মানু্হ যন্ত্ৰ নহয়

ময়ো মানু্হ যন্ত্ৰ নহয়
**************************
দিনটোৰ ব্যস্ততা গুচাই
বেলিটি যেতিয়া মেলানি মাগে
ক্লান্তিময় শৰীৰ মোৰ
তেতিয়া অলপ বিশ্ৰাম খুঁজে ,
কিন্তু হেথেলিত মূৰ থৈ
ৰাজনৈতিক বেৰিজালত পৰি
ধৰ্মক লৈ সাম্প্ৰদায়িক বৈষম্যত
অৱহেলিত আৰু নিঃকিন মানুহৰ জীৱন সৌন্দৰ্য্যৰ সন্ধান কৰোঁ মই।
এই নিষ্পেষণ নিষ্পেষিত লোকবোৰ
প্ৰৱঞ্চনাৰ পৰা বিশৃঙ্খলালৈ যি বাটত মেৰিয়াইছে
সেয়া জানো ৰুদ্ধ হ'ব কোনোকালে?
আজিৰ এই কৃত্রিম পৰিৱেশত
মানুহে মানৱতা হেৰুৱাই যেন মনুষ্যত্বহীন হ'ল;
সাৰ পানীৰ খাদ্যই মানুহক যেন যন্ত্ৰ মানৱ গঢ়িলে!
কিছুমানে আজিও তেজত ৰঙ বিচাৰে
যিয়ে পাহৰিছে মানুহৰ তেজৰ ৰঙ যে একেই।।
ভাগৰ দেহ মোৰ ঘৰৰ চোতাল পাওঁতেই
আৰম্ভ হয় ঘৰৰ ইটো-সিটো বিচাৰ!
মই জন্ম হোৱাৰ আগৰে পৰাই
নিঃস্বার্থভাৱে দেউতাই হাড়ভঙা পৰিশ্ৰম কৰিলে
বৃদ্ধতাত পুত্ৰৰ ছত্ৰছায়াত অলপ জিৰাব বুলি!
দেউতা যেন এতিয়াও সুস্থ সবল
কিন্তু মইয়েই হ'লো অৱশ !
মোৰ আই....
মোৰ মুখৰ মা মাতটো শুনিবলৈ
কিমান যে যতন কৰিলে
কিন্তু....
যিদিনাৰ পৰা আনৰ জীয়ৰী
আমাৰ ঘৰৰ বোৱাৰী হ'ল
সিদিনাৰ পৰাই মোৰ আই
তেখেতৰ মুখৰ মা মাতটো শুনিবলৈ পাইছে
সেয়া আই পাহৰে সঘনে !
মোৰ আই....
চকুলো মচি নিজৰ পৰিপূৰ্ণ সন্তানক
এগৰাকী অজান মানুহক
একান্ত বিশ্বাসেৰে সপিলে
কাৰণ........
মাৰ পিছত পত্নীয়েই যে
একমাত্ৰ আপোন সংগী।
মোৰ পত্নীৰ নানা অজুহাত
নানা সমস্যা এতিয়া
মোৰ মা-দেউতা হ'ল গধূৰ বোজা !
মা-দেউতালৈ উত্তম এতিয়া হেনো বৃদ্ধাশ্ৰম।
ভন্টিৰ বিয়াৰ বয়স হ'ল,বাঈয়ে কয়
আমাক পাহৰিলি চাগে!
বাবু-মইনাৰ স্কুল কলেজ টিউশ্বন
তিনি তাৰিখে ঘৰভাড়া আছে,
এনেকৈ বহু চিন্তাই মোক গ্ৰাস কৰি মোৰ টোপনি কাঢ়ে..!
মই নিজকে প্ৰশ্ন কৰি বৰ ক্লান্ত এতিয়া
মই মানুহ নে যন্ত্ৰ?
মই সকলো সমস্যাৰ সমাধান নহয়
ময়ো মানু্হ যন্ত্ৰ নহয়।

আব্দুল মজিদ নলবাৰী©abdulmazid