নাজিৰাত লগ পাম নেকি আজি সন্ধ্যা?
তোমাৰ সুবাস পাবলৈ!
মই বাৰু বাটৰ কাষৰ সেই
কামিনীকাঞ্চনৰ তলতেই থাকিম!
আজি তুমি, তোমাৰ ভাল লগা পোছাকযোৰ পিন্ধিয়ে আহিবা নে?
মই বাৰু, কি পিন্ধি যাম?
ক'লা-বগা, নে হালধীয়া, চাৰ্টটো?
তুমি, আকৌ, কামিনীকাঞ্চনৰ তলত বহি
মোক দুৰৰ পৰাই চিঞৰি নামাতিবা!
মই হ'লে লাজতে ৰঙা-ক'লা পৰি যাওঁ ।
বাৰু, যদি মই যাওঁতে অলপমান পলম হয়
খং কৰিবা নেকি?
নে মুখ খন আধৰুৱা জোনৰ দৰে ঢাকি থ'বা?
অভিমান নকৰিবা, আজি বাৰু
সন্ধ্যাৰ বুকুলৈ শীত নামিলে,
কুঁৱলিৰ আৰত গৈ তোমাক সহাৰি দিম।
তুমি মাথোঁ অপেক্ষা কৰা ।
©atulgogoi
A