A

নাৰী ।

(নাৰী )
✍ অতুল চন্দ্ৰ গগৈ ।
মহান সৃষ্টি নাৰী তোমাক
কৰিছোঁ প্ৰনাম ।
নতশীৰে লোৱা, তুমি গাত পাতি
সমাজৰ ন ন নিয়ম ।
মাতৃস্বৰূপ নাৰী তুমি
তোমাৰ মহিমা অপাৰ।
নাৰী এক অনন্য দান, আৰু পৰিচয়।
নাৰীৰ সুকীয়া স্থান আৰু অধিকাৰৰ
কথা বিবেচনা কৰাৰ প্ৰয়োজন নাই ।
যিহেতু ভাৰতীয় মূলৰ সকলোৰে সমান অধিকাৰ মাথোঁ প্ৰয়োজন আপোনাৰ, আৰু মোৰ দৰে
বিবেকৰ চিন্তাৰ সলনি আৰু ভাৱধাৰাৰ -।
অন্যায়-অসন্মান, শোষণ-লুণ্ঠন, বিবাহৰ
পিছত যৌতুকৰ বাবে পত্নীক অসভ্য আচৰণ,
ধৰ্ষণ-হত্যা, সমাজৰ মুখবন্ধা এচাম
ক'লা ৰঙৰ মানুহৰ বিৰুদ্ধে যুঁজ দিয়া ,
আৰু একেলগে হাতে হাত ধৰি ,সমাজৰ বাবে
ওলাই অহা,মহান ভগ্নী-বাইদেউ, মাতৃ-জেষ্ঠ স্বৰূপ
সকলোকে একেমুখে স-সন্মানে
ব্যৱহাৰ কৰা উচিত ।
যিহেতু আমি ভাৰতীয় মূলৰ নাগৰিক
সকলো আমি -মা-ভনী-বাইদেউৰ সাৰথিস্বৰূপ ,
আছে সকলোৰে এই বিশাল দেশত সম-অধিকাৰ।
( ধন্যবাদ )
©atulgogoi