এখনি , বহল নদীৰ সোঁতত
জীৱনৰ ৰহণ বোৰ সানি দিছোঁ,
বৈ যাওঁক, মোৰ সৰ্বোচ্চ,
লৈ যাওঁক মোক উতুৱাই,
সাগৰৰ বিশালতালৈ ।
বিশালতাৰ সুযোগত
দুহাত মেলি সাগৰৰ মৰম
আৰু ভালপোৱাক আদৰিম ।
বিষাদবোৰ ,নীলা সাগৰ তোমাৰ
আচলত সানি দিম।
তাৰ সলনি নীলা সাগৰ তুমি মোক,
মোৰ দুবাহুলৈ , শান্তিৰ বৰষুণ সিঁচি দিবা ।
শান্তি ল'ম, তোমাৰ বহল
আৰু গভীৰতাৰ কোলাত শুই।
মোৰ অশ্ৰু , বোৱাই দিবা তুমি,কোনোবা দিশলৈ ।
তাৰ সলনি নীলা সাগৰ, মোৰ মৰম আৰু
জীৱনৰ নানা ৰঙৰ ৰঙীন সপোনবোৰ,
তোমাৰ দুবাহুত ছটিয়াই দিম।
আলফুলে আদৰি ল'বা ।
©atulgogoi
A