A

ন্যায় পাবলৈ মই ৰৈ আছোঁ

মই এগৰাকী ধর্ষিতা!
ন্যায় পাবলৈ মই ৰৈ আছোঁ ।
এই পুৰুষতান্ত্ৰিক সমাজখনত
ছোৱালীৰ সৰু পোছাকযোৰেই বৈৰী নে?
কিয় তেতিয়া ভেদাভেদ নকৰে নৰপিশাচবোৰে
নাৰী দেহ ভক্ষণত কিয় পিছুৱাই নাযায়
সেয়া হিন্দু মুছলমান জৈন খ্ৰীষ্টান বিবেচনাৰে,
কেৱল কেঁচা মঙহৰ সোৱাদ লাগে।
পাপীষ্টবোৰে মোক উলংগ কৰি
মোৰ আত্মসত্ত্বাক অশুচি কৰিলে
মোৰ নামত প্ৰতিবাদ কণ্ঠে বজ্ৰনিনাদ ঘটিল
মমবাতি জ্বলিল পোষ্টাৰ লাগিল
প্ৰমানভিত্তিক উকীলে বগা ৰঙ ঢাকি
কলাক মৰ্য্যাদাৰে মোক বেশ্যা নাম দিলে।
ফাঁচীৰ ৰছীডাল,বিষ কিংবা পে'ট্ৰল যেতিয়া
মোৰ আত্মসন্মানক মুক্তি দিবলৈ মাতে
মোৰ পোৰা দেহৰ গোন্ধ পাই
পাপীষ্টবোৰৰ মুখত
দানৱীয় তৃপ্তিৰ হাঁহি বিৰিঙে।
মোৰ প্ৰশ্ন জাগে....!
দেশ কিয় অদ্যাপি বিবেচনাপ্ৰসূত হৈ নুঠে?
ধর্ষণত কঠিন ব্যৱস্থা যদিও দেশৰ
তেন্তে কিয়...
অপৰাধীলৈ আইনৰ লেহেমীয়া গতি?
যিয়ে পলায়নত দিয়ে অপৰাধীক
এক সহজলভ্য সুৰুঙা।
ধৰ্ষণ নহয় কোনো সামাজিক ব্যাধি
মই কওঁ ই এক অপৰাধ গুৰুতৰ বুলি;
ধৰ্ষণ বুলিলেই যে চকুত ভাহে
এক অসহনীয় যন্ত্ৰণাৰ প্ৰতিচ্ছবি।
হে নৰাধম....!
আপোনাৰ জন্ম কোনোবা নাৰী গৰ্ভত
আপুনিও পান কৰিলে মাতৃ দুগ্ধ
তেন্তে কিয় এই নিকৃষ্ট মনোভাৱ?
মোৰ আকুল মিনতি...!
সমাজ,আদালত,দেশৰ মনুষ্য মানৱতাৰ প্ৰতি
এই নৃশংস অপৰাধ ক্ষেত্ৰত
কোনেও যেন আজলমঠ হৈ
চকু মুদা কুলিৰ ভাও নধৰে ।
কোনো ধর্ষিতাৰ বিলাপ যেন
অৰণ্যৰোদনত পৰিণত নহয়;
মৃত্যুক আকোঁৱালি লৈ
কোনো অভিশপ্ত আত্মাই যেন
ঘুৰিব নালাগে দেশৰ প্ৰান্তে প্ৰান্তে
ন্যায় বিচাৰি...,
প্ৰশ্ন যেন নাৰাখে,"মই ধর্ষিতাই কৈছোঁ
ন্যায় পাবলৈ মই ৰৈ আছো বুলি।"
🖋️আব্দুল মজিদ
নলবাৰী
©AbdulMazid