🖊 অতুল চন্দ্ৰ গগৈ ।
মনে বৰকৈ আমনি কৰে সেই সময়খিনিত,
হৃদয়ে বৰকৈ দুখ প্ৰকাশ কৰে ,
তুমি যেতিয়া,মোৰ কাষত থাকি যাওঁ বুলি কোৱা ।
মনে মনৰ ভিতৰত, কথা কয়....!
কিজানিবা এদিন তুমি যাওঁ বুলি কৈ
মোৰ জীৱনৰ পৰাই গুচি যোৱা ।
বিশ্বাস আছে,আকৌ তোমাক লগ পাম বুলি ।
কিন্তূ এৰি যাবলৈ মনে নকয়!
যাওঁ, বুলি আকৌ এবাৰ...
তুমি,দুটি ওঠে প্ৰকাশ কৰিলে,
মোৰ দুচকো সাগৰ হয়.....
দুহাতে, সাবতি ৰাখিবৰ মন যায় ।
কিন্তূ ,যাব টো লাগিবই,
এদিন, তোমাক এৰি....।
সময় নাথাকে ৰখি....।
©atulgogoi
A