A

|| চকুলো ||

টোপ-টোপ কৈ মৰমবোৰ
খহনীয়া হৈ পৰিছে, মোৰ
কোমল বুকুৰ মাজৰ পৰা...
তুমি, এৰি গুচি যোৱাৰ বাবে।
তোমাৰ মৰমবোৰ সুৱৰি
মনে বাৰে, বাৰে কান্দিছে,
এন্ধাৰৰ এচুকৰ পৰা।
ৰোমন্থনৰ, পলকত
ভালপোৱাৰ স্মৃতি বোৰ থৰথৰাই
কুঁৱলী হৈ নামি আহিছে
কোনোবা, এদিশৰ পৰা ।
অশান্ত মনৰ, উজাগৰী নিশাবোৰ
চকুলোৰে ভৰিছে,
মাথো এতিয়া দুখৰ বোজাত
কোমল হৃদয়ৰ বননিত মনে বহি
দুহাতে চকুলো মচিছে।।
©atulgogoi