A

|| ধাননি পথাৰ ||

🖊 অতুল চন্দ্ৰ গগৈ ।
আহিনৰ ধাননি পথাৰত নিয়ৰৰ টোপাল
জিলিকি উঠিছে, সুৰযৰ হেঙুলীয়া হাঁহি দেখি।
আকাশৰ কলীয়া ডাৱৰ ভাঁহিছে
শৰতৰ গধুলি, কেউফালে কুঁৱলী দেখি।
গেৰ মেলা ধানে, মিচিকিয়াই হাঁহিছে,
কিয়নো সময় আহিছে বুলি ।
সেউজীয়া ধানৰ মাজে মাজে
কৃষকৰ হৃদয় আলোড়িত লখিমী
আহিছে বুলি ।।
পথাৰ শুৱনি, কেউফালে প্ৰভাতত
ধুৱলি-কুঁৱলী।
ভাগৰুৱা কৃষকৰ সপোনবোৰ জিলিকে
সোণোৱালী হৈ আহিনৰ আবেলি।
বুকুলৈ কঢ়িয়াই আনে
আশাৰ ৰেঙনি ।।
©atulgogoi