A

|| মেকুৰী ||

মাজৰাতি গভীৰ টোপনি.....
শুই আছিল কেউকাষে নিমাত জননী ।
নিয়ৰৰ টোপালত, জীপাল বননিৰ মাতত
সপোন দেখিছোঁ কিজানি!
নহয় সপোন-
বিচনাৰ তলত এটা অসহায় ক'লা মেকুৰী ।
কিয় আহিছিল নাজানো মই
নিজান ৰাতি মোৰ ঠিকনা বিচাৰি?
মই চকুলৈ চালো,সিয়ো চালে,
কথা ক'লো,সিয়ো ক'লে!
মই ক'লো কি লাগে?
উত্তৰ নিদি মোলৈ চাই ৰ'লে।
মাথোঁ ইংগিত দি ক'লে-
বোপা এতিয়া বহুত ৰাতি,
তথাপিও কৈছোঁ আজি,
আগুৱাই যাবি,মনত বিশ্বাস ৰাখি ।
সফলতাৰ দিনা, আকৌ আহি দেখা দিম
তোমাক নিজান ৰাতি....
এই কথাৰ ইংগিতত,
মোৰ গোটেই ৰাতি টোপনি খটি।


©atulgogoi