🖊অতুল গগৈ ।
দু:খিতৰ দুখেৰে
নহওঁ নহওঁ মই
কেতিয়াওঁ উচ্ছাসিতা।
মৰ্মন্তদ বেদনাৰ
দুখক আওঁকান কৰি
কেতিয়াওঁ নাসাঁজো
জীৱনৰ গাথা ।
সাধাৰণ মানৱৰ
জীৱনক নিষ্পেষিত কৰি
নিপিন্ধো ভদ্ৰ সমাজত
ফুলাম গামোচা ।
দুখীজনৰ শৱ দেহত
যাচি ফুল,
নাসাঁজো মই ধনৰ টোল,
সেয়ে মই প্ৰতিদিনেই অতুল ।
©atulgogoi
A