A

|| মই ||

🖊 অতুল চন্দ্ৰ গগৈ
জীৱন বাট অকোৱা-পকোৱা ।
মনৰ মাজত, সপোন আচহুৱা ।
মনে ঢাপলি মেলে দুৰ দিগন্তলৈ ।
সপোন থমকে, আধৰুৱা হৈ।
মন শান্ত, সপোন কিয় হয় অশান্ত?
ৰাতি ৰাতি উজাগৰী হওঁ ক্লান্ত ।
মনে নামানে, আজুৰি আনো, সোণোৱালী সপোন।
বগাই যাব খোজো, সুউচ্চ জখলাত...
সপোনবোৰ, সাৰ্থকৰ বাবে।
দিন-ৰাতি খাটি খাটি.....হুমুনিয়াই যাওঁ।
তথাপিও মই থমকি নাযাওঁ।

©atulgogoi