A

|| মকৰা || 🕷🕸 🖋 অতুল চন্দ্ৰ গগৈ ✌

মকৰা, মই অকোৱা-পকোৱা ।
মই নিজতেই, স্বাৰ্থলোভি ।
মোৰ, জালৰ মহিমা বুজিবা জানো?
গছৰ ডালত, ভঙা বেৰৰ চালিত বগাওঁ মই।
ৰাতি-দিন, মাথোঁ গুঠো জাল,
মোৰ জালত সোমাই যিমানেই পলাওক কিয়,
সিমানেই, পাকত পৰিবা।
পোক,পৰুৱা, পখিলা, পতংগবোৰ
মোৰ , আহাৰ ।
মোৰ ঠেঙতয়েই মায়াৰ মহিমা
©atulgogoi