A

|| মুহুৰ্তবোৰ ||

🖊অতুল গগৈ ।
মুহুৰ্তবোৰ মনৰ মাজত বাৰে বাৰে
কিয় সিঁচি দিয়া তুমি?
কলিজাৰ এফাল জ্বলি
ছাই হৈ যাই মোৰ।
দুখৰ চকুলো বাগৰি
উৰে নিশা সাগৰ হয়,
আৰু সাগৰৰ পাৰাপাৰ
বিচাৰি নাপাই, মন হতাশাত
ভাগি পৰি জহি-খহি পৰে ।
সেই মুহুৰ্তবোৰ কিয় তুমি
সোঁৱৰাই দিয়া মোক?
বাৰে বাৰে বুকুত ঢ়েঁকীৰ থোৰাই
হৃদয়ত খুন্দা মাৰে মোক।
মুহুৰ্তবোৰ জ্বলি শেষ হ'ব দিয়া ।
ভালপোৱাৰ স্মৃতিৰ ডায়েৰীখন
জ্বলি-জ্বলি ছাই হ'ব দিয়া ।
ন'হলে এই মুহুৰ্তবোৰৰ কবলতেই
মোৰ দেহটো জ্বলি জ্বলি শেষ হ'ব এদিন ।
তুমি মুহূৰ্তবোৰ চাইয়ে ৰ'বা তেতিয়া ।
©atulgogoi