ভগ্ন কোঠালীত
নগ্ন তিৰোতাৰ আৰ্তনাদ
কোনে শুনিব?
উকা কপালত
ৰঙা সেন্দুৰৰ অভাৱ পূৰণ
কোনে কৰিব?
মাথো, মুখা পিন্ধা
ভদ্ৰলোকৰ পৰকীয়া প্ৰেমৰ
যন্ত্ৰণাৰ কাহিনী কোনে শুনিব?
এই যে, তিৰোতা....
নহয় জীৱনৰ জ্ঞানহীনতা।
তিৰোতাই সকলো,
জানে আৰু বুজে।
নালাগে তিৰোতাৰ শুনিব
কৰুণ কাহিনী মুখা লগা
ভদ্ৰ সমাজে....।
আজিৰ তিৰোতাই পথ লৈছে
নিজে নিজে বাচি ।
©atulgogoi
A