A

|| তোমাক সোঁৱৰি ||

হাতত এডাল চিগাৰেটৰ ধোঁৱা ৱা
দুচকু দুখৰ সাগৰত ডুবা।
আপোজনৰ হৃদয়ৰ মজিয়াত
খোৱা আৰু লোৱা।
অশান্ত মনলৈ কঢ়িয়াই আনিছে এতিয়া
প্ৰেমত জ্বলি জ্বলি শেষ হোৱাৰ
ক'লা-ক'লা ধুঁৱা আৰু ধুঁৱা।
মনৰ নিৰ্জনতাত চকুলো বাগৰি সাগৰ হয়,
তোমাৰ ঠিকনা বিচাৰি,মোৰ মন
উৰে নিশা এতিয়া অশান্ত হয়...
তোমাৰ কথা সোৱৰি.....।
নতুন প্ৰেমৰ জীপালৰ মৰমত
তোমাৰ মৰম এতিয়া মাজনিশা বিলীন হয়
মোৰ চিৰযুগমীয়া প্ৰেমক আওঁকাণ কৰি ।
নিয়ৰৰ টোপালৰ দৰে, সদায়ে
মোৰ চকুলো বাগৰে তোমাৰ স্মৃতি সোঁৱৰি।



©atulgogoi