🖊অতুল গগৈ ।
নিৰাশাৰ হুমুনিয়াহবোৰ
তোমাৰ নামতেই বুকুফালি আহিলে ওলাই,
তুমি জানো কেতিয়াবা সুধিছা মোক
মই সুখী আছো নে নাই?
মৌনতাৰ ৰাতিবোৰত শুকাই হিয়াৰ
গোপন বননি,এতিয়া তোমাৰ কথা সোঁৱৰি।
তোমাৰ পৰশে মছিছিল
মোৰ তাহানিৰ হিয়াৰ দীনতা,
তুমিবিহীন হোৱাৰ পৰাই
মোৰ মন পথাৰ হ'ল এতিয়া উদংমূৰীয়া ।
আঁচলৰ সুবাসত মন নহয়
এতিয়া বলিয়া।
বিৰহ বেথাই, আজিও তোমাৰ নামত
নিতে কৰে দেহ জ্বৰত নৰিয়া ।।
©atulgogoi
A