A

|| তুমি ||

তুমি যদি বিচাৰিছা, হেৰাই যোৱা!
আবেলিৰ হেঙুলীয়া হাঁহিৰ লগত ।
মনে যদি, বিচাৰিছে,
হেৰাই যোৱা, নীলিম আকাশৰ বুকুত।
ঢালি দিয়া সৰ্বোচ্চ উজাৰি মৰমবোৰ
আকাশৰ মাজ মজিয়াত ।
মনৰ উদং উদং বতৰত....
তোমাক মোৰ মনে
চাব খুজিলে
ৰাতিৰ আন্ধাৰৰ, খিৰিকী ৰ ফাকেৰে
জুমি জুমি চাম।
ভালপোৱাৰ স্মৃতিবোৰ কবিতাৰ
ভাষাৰেই লিখি যাম ।
নহলে চাগে তোমাৰ কথাও
পাহৰিয়ে পেলাম।।

©atulgogoi