মই এখিলা ভাজ লগা
উকা কাগজ ....।
টেবুলৰ ওপৰতে পৰি ৰওঁ ।
তুমি জানো কেতিয়াবা মন কৰিছা?
ধূলিৰ লগত মিলি ৰওঁ...।
চোৱা তুমি, মই দেখোন তেনেই সহজ ।
বুজিছা এতিয়া,
শব্দ বিহীন কাগজ মই ।
জীৱন উকা,উকা।
কলমৰ লিখনিত খোঁচত,
কেতিয়াবা বাৰুকৈয়ে,
উৎতফুল্লিত হওঁ মই ।
চিয়াঁহীৰে বুকুত গুজি লওঁ জিজ্ঞাসা ।
নাই দেখোন মোৰ উকা কাগজ বুলি
মনত হতাশা ।
©atulgogoi
A