A

|| যুঁজ ||

যুঁজ যুগ-যুগৰ যন্ত্ৰণাৰ খোজ।
যুঁজত জীৱন যায় ।
যুঁজত, ন-পুৰনা ৰথী-মহাৰথীৰ
জীৱন খেলা যায় ।
যুঁজৰ জয়ত যুগৰ সলনি হয়।
সৃষ্টি হয় নৱযুগৰ সুচনা ।
যুঁজে আনে ,জীৱন পথৰ
সলনিৰ জীৱনৰ বাট।
যুঁজ, প্ৰতিজন সৈনিকৰ বিবেকৰ বুজ।
যুঁজ যুদ্ধৰ হ'ব পাৰে,
হ'ব পাৰে দেশৰ হকে ।
যুঁজ জীৱনৰ অগ্ৰগতিৰ হুচ।
যুঁজ যুঁজক তেজাল ঘোঁৰাৰ দৰে ।
যুঁজ যুঁজক বীৰ লাচিত, কনকলতাৰ দৰে।
যুঁজ যুঁজক জীৱন সলনিৰ বাবে ।
যুঁজ যুঁজক মোৰ মাতৃভূমিৰ বাবে ।
যুঁজ যুঁজক আপোনাৰ দুৰ্বলতাৰ বাবে ।

©atulgogoi