A

||ভালপোৱা বোৰ সেইদিনাই হৈছিল||

ভালপোৱা বোৰ
সেইদিনাই হৈছিল,
যিদিনা, তুমি
কাঁইটীয়া গোলাপৰ ফুলে
মোৰ দুবাহুত বিন্ধিছিলা।
ভালপোৱা বোৰ
সেইদিনাই হৈছিল,
যিদিনা, তুমি
মোৰ দুহাতৰ আঙুলিত ধৰি
প্ৰেমৰ প্ৰস্তাৱ দিছিলা-
"তোমাক মই বহুত ভাল পাওঁ বুলি "
এতিয়া মাথোঁ
মোৰ দুটি ওঠত তোমাৰ
মিঠা প্ৰেমৰ অনুভূতি ।
মাথোঁ এতিয়া বুটলিছোঁ
তোমাৰ মৰম আৰু ভালপোৱাবোৰ,
লাহে-লাহে কৈ, মোৰ হৃদয়ৰ পৰা।
তোমাৰ মৰমবোৰ,
চিৰদিন সেউজীয়া হৈ থাকিবলৈ...।
©atulgogoi