A

||এটি মাথোঁ শব্দ ||

এটি মাথোঁ শব্দ
"মই তোমাক ভাল পাওঁ "
তোমাৰ দুটি ওঠৰ মাজেৰে
শুনিব খোজো মই, ওৰে ৰাতি....
উজাগৰে থাকি।
তোমাক মোৰ বহু যুগৰ
প্ৰেমৰ প্ৰস্তাৱ আজি সন্ধ্যা
যাচিলোঁ বুলি ।
নাজানো, প্ৰভাতৰ কিৰণে
আনে কি বতৰা?
নাজানো মই, তোমাৰ উত্তৰৰ চলনা?
মাথোঁ বিচাৰোঁ এতিয়া তোমাক,
মোৰ উকা-উকা দুবাহুত নোপোৱাৰ,
ভালপোৱাৰ বতৰা।
উজাগৰী নিশাটো তোমালৈ বুলি,
বাট চাই ৰ'ম অধিক আশাৰে।


©atulgogoi