A

||কাতি বিহু|| 🖊অতুল চন্দ্ৰ গগৈ

প্ৰাণৰো ,প্ৰানৰ
অসমীয়াৰ কঙালী বিহুটি
কেনেকৈ বাৰু আদৰি লম
আজি গধুলি?
আকাশ বন্তি-ধুপকাঠি জ্বলাম
আজি মোৰ পদূলিত ।
তুলসীৰ তলে তলে
সেৱা কৰিম
আকাশ বন্তি জ্বলাই ।
কঙালী মনক
ৰঙালীৰ বাবে প্ৰাৰ্থনা কৰিম
আজি সন্ধ্যা ।
বছৰৰ বাবে, খেতি কৰা পথাৰত
বন্তি জ্বলাই আলোকিত কৰিম
সোনগুটিৰ ধাননি ।
ঘৰে-ঘৰে, ধুপ-ধুনা, আকাশ বন্তিৰে
জিলিকি উঠিব আজি গধুলি ।
প্ৰভাত, পিতাই আৰু আইৰ
চৰণ চুই, ধুতি পিন্ধি ওলায়
সকলোৱে নামঘৰলৈ বুলি....
©atulgogoi