ফুলনিত কোনে নিশা হাঁহিছিল,
গোলাপ ফুলপাহ দেখি,
প্ৰভাতৰ হেঙুলি বেলিয়ে
জগালে, মোৰ কাষত বহি।
নিয়ৰৰ টোপালত বেথাতে,
গোলাপ সেমেকে,ৰাতি
কোনেনো হাঁহিছিল বুলি
কাঁইটীয়া গোলাপৰ ডালেৰে বিন্ধিলো
পুৱাতে চিনিম বুলি।
বিন্ধিলো-বিন্ধিলো দুহাততে, বিন্ধিলো
কোনোবা অচিনাকি বুলি,
এচাটি পছোৱাই কানে কানে
কওঁতেহে বুজিলো মোৰ বুকুৰ
প্ৰেয়সী বুলি।
গোলাপেও কান্দিছে,
প্ৰেয়সীৰ বেজাৰত এতিয়া
কি কৰিম বুলি, মনতে ভাবিছে
আবেলিৰ বতাহত, সুগন্ধি বিলাই
শান্তনা যাচিম বুলি ।
©atulgogoi
A