A

||সেমেকা মন||

বনজুইৰ দৰে জ্বলিছে,
মোৰ আলসুৱা মন....
তোমাক হেৰুৱাৰ বেজাৰত...।
মনৰ ৰঙচঙীয়া ফুলবোৰ
এপাহ-দুপাহকৈ সৰিছে।
মোৰ মনৰ চোতালত... ।
ভালপোৱাবোৰ মৰহি গৈছে,
তোমাক লগ নোপোৱাৰ বাবে ।
দুখৰ হুমুনিয়াহ বোৰ,
চকুলোৰ টোপাল হৈ নিগৰি উঠিছে।
তুমি তুমি বুলি সপোন আৰু দিঠকত
মনে হাবাথুৰি খাই ফুৰিছে।
©atulgogoi