A

||তোমাক যোৱাগৈ দেখিছিলো ||

🖊Atul ch Gogoi.
তোমাক, সিদিনা হঠাতে
যোৱাগৈ দেখিছিলো, মনত
অলেখ দুখৰ বোজা লৈ, পথাৰৰ বকিয়াইদি...।
পশ্চিমৰ আকাশৰ,
হেঙুলীয়া সূৰ্য্যাস্তৰ সময়ত......।
হঠাতে অহা টোপাল-টোপাল বৰষুণে....
তোমাৰ দুখবোৰ ধুৱাই দিছিল...,
মই মৌন হৈ, তোমালৈ চাই ৰৈছিলো।

গৈ, গৈ নৈ ঘাটৰ সিপাৰে, নাৱৰীয়াক তুমি..
হাত বাউল দি, মাতিছিলা।
নাওঁ বাই নাৱৰীয়াই , নাওঁখনি চপাই
আনিছিল তোমাৰ কাষলৈ ।
ভাঁহি আহিছিল, নাৱৰীয়াৰ মুখৰ এটি মিঠা সুৰ।
তুমি গুচি গ'লা, দুখৰ বোজা নদীত উতুৱাই ।
মুখত এটি মিঠা হাঁহি আৰু আবেলিৰ
হেঙুলীয়া আবেলিক আকোৱালি ।
মই মাথো, চাই ৰৈছিলো....।



©atulgogoi