এদিন হেৰাই যাম মই,
একেবাৰে......।
তুমি নজনাকৈয়ে ।
মৰমৰ এনাজৰীডাল চিঙি
তোমাৰ বুকুৰ মাজৰ পৰা।
দুখৰ সাগৰত সপোনবোৰ উতুৱাই দিম
একেবাৰে চিৰকাললৈ....।
ভালপোৱাৰ, গোলাপ ফুলৰ পাহিটো
এটিয়া হৃদয়ৰ এচকুত,মৰহি গৈছে ।
দুখ নকৰিবা তুমি, এতিয়া সকলোবোৰ জানি ।
তুমিটো ,নহয় এতিয়া মোৰ মনৰ
এপাহ ৰজনীগন্ধা ।
তুমি এতিয়া, সাগৰৰ সিপাৰৰ
নতুন উতনুৱা প্ৰেমৰ শলিতা ।
তোমাৰ, প্ৰেমৰ শলিতাৰ পোহৰে
মোৰ অশান্ত মন, বাৰকৈয়ে পগলা কৰিছে ।
ভুল নুবুজিবা তুমি....
তুমিটো নোহোৱা এতিয়া মোৰ,
যামগৈ এদিন তুমি নজনাকৈয়ে চিৰদিনলৈ...
তেতিয়া, বিচাৰি মোক তুমি পগলা নহ'বা।
©atulgogoi
A