অবুজ পখিলাজনী,
তুমি বাৰু তোমাৰ ৰঙীন সপোনবোৰ
মোৰ দুবাহুৰ মাজত
ছটিয়াই দিব পাৰিবানে?
মই তোমাৰ সপোনৰ ৰংবোৰ
মোৰ দেহৰ প্ৰতিটো ভাঁজত সানি ল'ম,
প্ৰভাতৰ শেৱালি ফুলৰ দৰে....
ওৰে জীৱন মলমলাই থকাকৈ....
দুখবোৰক লৈ তুমি নাকান্দিবা ,
মই সুখবোৰ তোমাৰ কোমল দুবাহুৰ মাজত,
সানি দিম ,মোক সদায় কাষত পাবলৈ.....,
জীৱনৰ প্ৰতিটো নিশা, দুখ নকৰিবা।
মই যদি কেতিয়াবা ,হেৰাই যাওঁ।
আকাশৰ পপীয়া তৰাৰ দৰে ,
ক্ষন্তেকতে তোমাৰ কাষত থিয় দিম....।
বাৰু এতিয়া ভাৱনাত নুডুবিবা,
মাথো তোমক বুজনিহে দিলোঁ,
এতিয়াটো মই তোমাৰ কাষতেই থাকোঁ ।
©atulgogoi
A